Micah 6

যিহোৱাৰ অভিযোগ আৰু লোকসকলৰ উত্তৰ ।

1যিহোৱাই যি কৈছে, এতিয়া তোমালোকে শুনা।
মীখাই তেওঁক ক’লে, “উঠক আৰু পৰ্ব্বতবোৰৰ সন্মুখত আপোনাৰ অৱস্থাৰ বিষয়ে কওক,
পাহাৰবোৰক আপোনাৰ মাত শুনিবলৈ দিয়ক।
2হে পৰ্ব্বতবোৰ, আৰু পৃথিবীৰ স্থায়ী ভিত্তিমূল,
যিহোৱাৰ অভিযোগ শুনা;
কাৰণ যিহোৱাৰ নিজৰ লোকসকলৰ সৈতে অভিযোগ আছে,
আৰু তেওঁ ইস্ৰায়েলৰ বিৰুদ্ধে ন্যায়ালয়ত যুঁজিব।

3“হে মোৰ লোকসকল, মই তোমালোকক কি কৰিলোঁ?

মই কেনেকৈ তোমালোকক পৰিশ্রান্ত কৰিলোঁ?
মোৰ অহিতে সাক্ষ্য দিয়া।
4কাৰণ মই তোমালোকক মিচৰ দেশৰ পৰা উলিয়াই আনিলোঁ,
আৰু বন্দীঘৰৰ পৰা তোমালোকক মুক্ত কৰিলোঁ;
মই তোমালোকৰ ওচৰলৈ মোচি, হাৰোণ, আৰু মিৰিয়মক পঠিয়াইছিলোঁ।
5হে মোৰ লোকসকল, মোৱাবৰ ৰজা বালাকে কি পৰিকল্পনা কৰিছিল,
আৰু বিয়োৰৰ পুত্র বিলিয়মে বালাকক কি উত্তৰ দিছিল, সেই বিষয়ে সোঁৱৰণ কৰা।
তাতে চিটীমৰ পৰা গিলগললৈ যাওঁতে যি ঘটিছিল,
সেই সকলো যিহোৱাৰ ন্যায় কাৰ্য তোমালোকে জানিব পাৰিবা।

6সৰ্ব্বোপৰি ঈশ্বৰক প্ৰণাম কৰোঁতে,

মই যিহোৱালৈ কি লৈ যাম?
মই তেওঁৰ ওচৰলৈ এবছৰীয়া দামুৰীৰ সৈতে
হোম-বলি লৈ যোৱা উচিত নে?
7হাজাৰ হাজাৰ ভেড়া,
বা দহ হাজাৰ তেলৰ নদীত যিহোৱা সন্তুষ্ট হব নে?
মোৰ অপৰাধৰ বাবে মোৰ প্ৰথমে জন্ম হোৱা সন্তান,
আৰু মোৰ নিজৰ পাপৰ বাবে মোৰ ঔৰসৰ ফল দান কৰিম নে?
8হে মনুষ্য, যিহোৱাই যি ভাল,
সেই বিষয়ে তোমালোকক ক’লে;
আৰু যিহোৱাই তোমালোকৰ পৰা এইবোৰ বিচাৰে:
ন্যায়ৰূপ কাৰ্য কৰা,
দয়াশীলতাক ভাল পোৱা,
আৰু তোমালোকৰ ঈশ্বৰৰ সৈতে নম্রভাৱে চলা।

9যিহোৱাৰ মাতে নগৰলৈ ঘোষণা কৰিছে,

এনে কি এতিয়া প্রজ্ঞায়ো তোমাৰ নাম স্বীকাৰ কৰিছে:
“তোমালোকে দণ্ড ডালিলৈ
আৰু যিজনে নিৰ্দ্দিষ্ট ঠাইত ইয়াক ৰাখিছে তেওঁলৈ মনোযোগ দিয়া।
10দুষ্ট লোকৰ ঘৰৰ সম্পত্তিবোৰ অসৎ,
আৰু মিছা জোখবোৰ ঘিণলগীয়া।

11অন্যায়ৰ তুলাচনী আৰু প্ৰবঞ্চক

ওজনৰ মোনা ব্যৱহাৰ কৰা জনক মই নিৰ্দ্দোষী বুলি বিবেচনা কৰিম নে?
12ধনী লোকসকল অত্যাচাৰেৰে পৰিপূৰ্ণ,
তাৰ নিবাসী সকলে মিছা কথা কয়,
আৰু তেওঁলোকৰ জিভা প্রতাৰণাপূৰ্ণ।

13এই হেতুকে মই বিষম আঘাতেৰে তোমালোকক আঘাত কৰিলোঁ;

তোমালোকৰ পাপৰ কাৰণে মই তোমালোকক ধ্বংস কৰিলোঁ।
14তোমালোকে খাবা কিন্তু তৃপ্ত নহবা,
তোমালোকৰ পেট খালীয়ে হৈ থাকিব;
তোমালোকে বস্তুবোৰ গোটাবা কিন্তু ৰক্ষা কৰিব নোৱাৰিবা;
আৰু তোমালোকে যি ৰক্ষা কৰিবা, তাক মই তৰোৱালক শোধাই দিম।
15তোমালোকে সিচিবা কিন্তু দাবলৈ নাপাবা;
তোমালোকে জলফাই গচকিবা কিন্তু তেল নিজে ঘঁহিব নাপাবা;
তোমালোকে দ্ৰাক্ষাগুটি চেপিবা, কিন্তু দ্রাক্ষাৰস পান কৰিবলৈ নাপাবা।

অম্রীৰ বিধিবোৰ,

আৰু আহাবৰ বংশৰ সকলো কাৰ্যবোৰ পালন কৰিছা,
তোমালোকে তেওঁলোকৰ উপদেশত চলিলা;
সেয়ে মই তোমালোকৰ নগৰ ধ্বংস কৰিম,
আৰু তোমালোকক নিবাসীসকলে বিদ্রূপ কৰিব,
মোৰ লোকসকলৰ অবজ্ঞা তোমালোকে বহন কৰিবা।”
16

Copyright information for AsmULB